নিৰ্বাচনৰ পূৰ্বে কেইবাখনো জিলাৰ নাম সলনি কৰাৰ প্ৰস্তুতি যোগী চৰকাৰৰ: মিৰ্জাপুৰ হব বিন্ধ্যধাম, মিয়াগঞ্জ হব মায়াগঞ্জ

142

নাম সলনিৰ ঢৌ উঠিছে উত্তৰ প্ৰদেশত। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰামৰাজ্য স্থাপন মৰিবলৈ গৈ মুছলমান ৰজা, মোগল সাম্ৰাজ্যৰ সময়ত নামাকৰণ কৰা কেইবাটাও এলেকাৰ নামত গেৰুৱা আভূষণ পিন্ধোৱাৰ প্ৰস্তুতি চলিছে যোগী প্ৰদেশত।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলা আৰু উন্নাও জিলাৰ মিয়াগঞ্জ ব্লকৰ নাম সলনি কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন হৈছে। মিৰ্জাপুৰ জিলা পঞ্চায়তে জিলাখনৰ নাম বিন্ধ্যধাম ৰূপে সলনি কৰিবলৈ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। সেইদৰে মিয়াগঞ্জৰ নাম মায়াগঞ্জ কৰিবলৈও চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে উন্নাওৰ ডিএম ৰবীন্দ্ৰ কুমাৰে।

ইয়াৰ পূৰ্বে, আলীগড়, মৈনপুৰী আৰু ফিৰোজাবাদৰ নাম সলনি কৰাৰ প্ৰস্তাৱো জিলা পঞ্চায়তসমূহে চৰকাৰলৈ প্ৰেৰণ কৰিছে। আলিগড়ৰ নাম হৰিনগৰ আৰু আলিগড় বিমান বন্দৰৰ নাম সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ নামেৰে ৰখাৰ প্ৰস্তাৱ জিলা পঞ্চায়তে চৰকাৰৰ ওচৰত উত্থাপন কৰিছে। একেদৰে ফিৰোজাবাদ জিলাৰ নাম ৰজা চন্দ্ৰসেনৰ নামেৰে চন্দ্ৰনগৰ আৰু মৈনপুৰী বিধানসভা সমষ্টিৰ নাম ময়ন পুৰী ৰাখিবলৈ দাবী জনাইছে একাংশই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৮ চনত যোগী চৰকাৰে এলাহাবাদক প্ৰয়াগৰাজ আৰু ফৈজাবাদ জিলাৰ নাম অযোধ্যা ৰূপে নামকৰণ কৰিছিল।