নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কোকৰাঝাৰত নিৰ্বাচনী হিংসা

65

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কোকৰাঝাৰত নিৰ্বাচনী হিংসা। মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ বাসগৃহত আৰক্ষীৰ আকস্মিক অভিযান। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ মাজত টকা বিলাই থকাৰ অভিযোগ প্ৰমিলাৰাণী ব্ৰহ্ম বিৰুদ্ধে আৰক্ষীৰ। আনহাতে আৰক্ষীয়ে বাসগৃহত প্ৰৱেশ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু তেওঁৰ সমৰ্থকসকলে। দুই পক্ষৰ অভিযোগ আৰু প্ৰত্যাভিযোগে এতিয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আৰক্ষীৰ অভিযোগ অনুসৰি প্ৰচাৰৰ অন্তিম দিনটোত নিশা প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত টকা বিলাই থকা হৈছিল। কোকৰাঝাৰত ১৪৪ ধাৰা জাৰি হোৱাৰ পিছতো মানুহৰ ভিৰ লাগিছিল প্ৰমিলাৰাণীৰ বাসগৃহত। আনহাতে আৰক্ষীৰ আগমণৰ লগে লগে মন্ত্ৰীগৰাকীৰ বাসগৃহত গোট খোৱা শ শ লোকে পলাই পত্ৰং দিয়াও দেখিবলৈ পোৱা গৈছে।

ইফালে সমগ্ৰ ঘটনাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰিছে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই। আৰক্ষীয়ে অনাহকত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ঘটনা সন্দৰ্ভত। বিজেপিয়ে আৰক্ষী-প্ৰশাসনৰ সহায় লৈ বিৰোধীক প্ৰতিহত কৰিব বিচাৰিছে বুলি অভিযোগ হাগ্ৰামা মহিলাৰীৰ।

আনহাতে নিশা কোকৰাঝাৰত বিপিএফৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰা ঘটনাক লৈও এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।