নিৰ্বাচনত জয়ী হ’লে নাথুৰাম গডছে নগৰ ৰখা হ’ব মীৰাটৰ নামঃ নগৰ নিগম নিৰ্বাচনৰ পূৰ্বে দাবী হিন্দু মহাসভাৰ…

209

মীৰাটৰ নাম সলনি কৰি ৰখা হওক নাথুৰাম গডছে নগৰ! উত্তৰ প্ৰদেশৰ নিগম নিৰ্বাচনৰ পূৰ্বে হিন্দু মহাসভাই এই দাবী উত্থাপন কৰিছে। যদিহে তেওঁলোকৰ প্ৰাৰ্থী চহৰখনৰ মেয়ৰ নিৰ্বাচিত হয় তেন্তে প্ৰতিটো ঠাইৰ ইছলামিক নাম সলনি কৰা হ’ব বুলিও মন্তব্য কৰে হিন্দু মহাসভাই। হিন্দুৰ কামত কাম কৰা মহাৰথীৰ নামেৰে এই স্থানৰ নামকৰণ কৰা হ’ব। কেৱল সেয়াই নহয়, ভাৰতক হিন্দু ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়িছে হিন্দু মহাসভা।

অহা ডিচেম্বৰ মাহত মীৰাটকে ধৰি উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মঙলবাৰে হিন্দু মহাসভাই জনাই যে এই নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডতে তেওঁলোকৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ বাবে হিন্দু মহাসভা কৰ্তৃপক্ষই বিচাৰিছে ‘দেশপ্ৰেমিক’ কৰ্মী। অৱশ্যে তেওঁলোকে ভোটৰ বাবে থিয় দিব বিচাৰিলে লিখিতভাৱে ক’ব লাগিব যে তেওঁলোকে গোটেই জীৱন হিন্দু মহাসভাৰ আদৰ্শ অনুসৰণ কৰিব। শেহতীয়াকৈ হিন্দু মহাসভাৰ কৰ্মী অভিষেক আগৰৱালক মীৰাটৰ দায়িত্ব দিয়া হৈছে। মঙলবাৰে পৌৰসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰে।

দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা অশোক শৰ্মাই কয়, ‘যদি হিন্দু মহাসভাৰ প্ৰাৰ্থীয়ে বৃহৎ সংখ্যক জয়ী হৈ নিগমৰ দায়িত্ব লয়, তেন্তে মীৰাটৰ নাম সলনি কৰা হ’ব। মীৰাটৰ নতুন নাম হ’ব নথুৰাম গডছে নগৰ। ইছলামিক নামৰ নামেৰে নামাকৰণ কৰা ঠাইবোৰো সলনি কৰা হ’ব। সেই ঠাইবোৰৰ নাম হিন্দু মহাৰথীৰ নামেৰে ৰখা হ’ব।” হিন্দু মহাসভাৰ ইস্তাহাৰত ভাৰতক হিন্দু ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰা হৈছে। দেশৰ সকলো প্ৰান্ততে গো মাতা সুৰক্ষিত হোৱাটোও হিন্দু মহাসভাৰ প্ৰাথমিক দায়িত্ব।