নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল বাহন, ৮ জনৰ মৃত্যু

79

জম্মু-কাশ্মীৰৰ কিস্তৱাৰত এখন টাটা ছুম’ বাহন পথৰ পৰা পিছলি দ খাৱৈত বাগৰি পৰাৰ ফলত ৮ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৩ জন লোক গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিস্তৱাৰ জিলাৰ বুণ্ডা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত সকলৰ আটাই কেইজন স্থানীয় বাসিন্দা বুলি জানিব পৰা গৈছে।

মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জেকে ১৭ ৯১১৭ নম্বৰৰ ব্যক্তিগত টাটা ছুম’ বাহনখনেৰে চালকসহ মুঠ এঘাৰ জন যাত্ৰী চিংগামৰ পৰা বুণ্ডা অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে।

টুইটাৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।