নিশাৰ ৰাজপথত অকশলৰে ঘূৰি ফুৰা অসহায় মুছলমান যুৱতীক আশ্ৰয় দিলে সমীৰ দাসে

69

সমৰ দেৱনাথ, হোজাইঃ আজিৰ সময়ত কোনে কাৰ কথা চিন্তা কৰে? যন্ত্ৰৰ দৰে হৈ পৰা জীৱনবোৰত যেন আজিকালি মানুহৰ প্ৰতি নোহোৱা হৈ পৰিছে হৃদয়ৰ টান। ক্ষমতাৰ লোভত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে একাংশ নেতা- মন্ত্ৰীয়ে। কিন্তু এই সকলোবোৰৰ উৰ্ধ্বত গৈ মানৱতাৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰিলে হোজাইৰ নন্দলালপুৰৰ এজন লোকে।

নিশাৰ ৰাজপথত অকলশৰে ঘূৰি পৰা এগৰাকী অসহায় মুছলমান যুৱতীক নিজ ঘৰত আশ্ৰয় দি হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বীজ ৰোপণ কৰিছে নন্দলালপুৰৰ সমীৰ দাস নামৰ লোকজনে। উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১ বজাত হোজাইৰ ৰাজপথত এগৰাকী যুৱতী অকলশৰে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে সমীৰ দাসে। তাৰ পিছতে তেওঁ যুৱতীগৰাকীক ঘৰলৈ লৈ আনি আশ্ৰয় প্ৰদান কৰে। সমীৰ দাসৰ এনে মহানুভৱতাই এতিয়া হৃদয় জিনিছে অঞ্চলটোৰ সভ্য সমাজৰ।