নিমাতিঘাট নাও দুৰ্ঘটনা: গ্ৰেপ্তাৰ হোৱা বিষয়া-কৰ্মচাৰীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

114

নিমাতিঘাট নাও দুৰ্ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে সোমবাৰে ‘মা কমলা’ নামৰ দুৰ্ঘটনাত ডুব যোৱা ফেৰীখনৰ মালিক পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে উক্ত দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনৰ তিনিজন কৰ্মচাৰী আৰু পানীৰাম কলিতাৰ পুত্ৰ গৌতম কলিতাকো দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফেৰীখনৰ বাকী কৰ্মচাৰীসকল হৈছে ইঞ্জিন কণ্ডাক্টৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়েল প্ৰশান্ত পামেগাম। আদালতে চাৰিজন লোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আনহাতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সাতজন কৰ্মচাৰীক আৰক্ষীয়ে আগতে গ্ৰেপ্তাৰ কৰিছিল। আদালতে এই গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীসকলক ছয় দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। বিভাগীয় মন্ত্ৰীজনে ইতিমধ্যে দুৰ্ঘটনাটোত অৱহেলা দেখুওৱা সকলৰ বাবে শাস্তি ঘোষণা কৰিছিল। গতিকে এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে যে বিভাগটোত এক প্ৰকাৰৰ অৰাজকতা চলাই থকা বিষয়াসকল তদন্তৰ অধীনলৈ আহিব নেকি!