নিছান ইণ্ডিয়াই চাৰি বছৰৰ বাবে ব্যৱসায়ীক পৰিকল্পনা মুকলি

84

গুৱাহাটী, নিছান ইণ্ডিয়াই
কোম্পানীৰ গ্লোবেল ট্ৰান্সফৰ্মেচন প্লেনৰ অধীনত
চাৰি বছৰৰ বাবে ব্যৱসায়ীক পৰিকল্পনা নিছান আফ্ৰিকা, মিডল ইষ্ট আৰু ভাৰতৰ ( এ এম আই) ত আজি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নিছান ইণ্ডিয়াই কোম্পানীৰ ব্ৰেণ্ডক অধিক সক্ৰিয় আৰু শক্তিশালী কৰি তোলাৰ লগতে আন কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰা, বজাৰ দখল কৰা আদি ক্ষেত্ৰত অতি সক্ৰিয় তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে। তদুপৰি দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ভাৰত আৰু নাইজেৰিয়াত উপৰোক্ত বিষয় সমুহত অদিক গুৰুত্ব আৰোপ কৰাৰ হৈছে। এই সম্পৰ্কে নিছানৰ আফ্ৰিকা, মিডল ইষ্ট আৰু ইণ্ডিয়াৰ মূখ্য অপাৰেটিং বিষয়া অশ্বিনী গুপ্তাই কয় ” আমাৰ কোম্পানীৰ ব্যৱসায়িক দিশত অধিক লাভালাভ, বিত্তীয় দিশত অধিক মুনাফা লাভ আদি ২০২৩ চনৰ শেষলৈ পোৱাৰ আশা কৰা হৈছে। এই এ এম আই ব্যৱসায়ীক পৰিকল্পনাৰ জৰিয়তে ব্যৱসায়ীক পৰিকল্পনা বিশ্বজনীন কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জৰিয়তে উন্নত মডেল আৰু প্ৰযুক্তিত গুৰুত্ব দিয়া হ’ব। বিশ্বৰ এই ঠাই সমূহত আমাৰ ব্যৱস্যায় আদিক মুনাফা লাভ কৰিব বুলি আমি আশা বাদী। কিয়নো এই ঠাই সমূহ বজাৰ দখল কৰি ব্যৱসায়িক দিশত অধিক সফল হ’ব পৰা যাব।”