নিউ বঙাইগাঁও ৰে’লৱে জংচনত বৃহৎ পৰিমাণৰ হেৰোইনসহ দুজনক আটক

75

আগৰতলাৰ পৰা চোৰাংকৈ সৰবৰাহৰ সময়ত অভিযান চলাই বঙাইগাঁও আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে’লৱে জংচনত বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বঙাইগাঁওৰ অতিৰিক্ত এছপি লুনা সোণোৱালে কয় যে ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিষয়ে আৰক্ষীয়ে গোপন তথ্য লাভ কৰিছিল।

তেওঁ কয়, “গোপন তথ্যৰ ভিত্তিত আমাৰ দলটোৱে নিউ বঙাইগাঁও ৰে’লৱে জংচনত অভিযান চলাই ৩৫.৯ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে। ৰাহুল নাৰ্জাৰী (২৮) আৰু দিলবুগ বসুমতাৰী (৩০) নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰে। এই সৰবৰাহ কাৰী দুজনে বঙাইগাওঁৰ কাৰোবাক ড্ৰাগছ হস্তান্তৰ কৰিবলৈ গৈ আছিল।”