পুনৰ দেশত সংঘটিত হ’ল ভয়াবহ ৰে’ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে’লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে ৮ জন যাত্ৰীৰ মৃত্যু নিশ্চিত হৈছে আৰু কমেও ৫০ জন লোক আহত হৈছে। এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডৰ চিআইঅ’ জয়া বাৰ্মা সিনহাই কয় যে উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে আৰু এতিয়ালৈকে মৃত্যুৰ সংখ্যা আঠজনলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে আগৰতলাৰ পৰা অহা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছখন শিয়ালদাহলৈ গৈ আছিল আৰু নিউ জলপাইগুৰি ষ্টেচনৰ ওচৰৰ ৰণগাপানীত এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়। দাৰ্জিলিঙৰ অতিৰিক্ত এছ পি অভিষেক ৰয়ে কয় যে কাঞ্জনজংঘা এক্সপ্ৰেছ ৰৈ থকা অৱস্থাত মালবাহী ৰেলখনে ইয়াক পিছফালৰ পৰা খুন্দা মাৰে। যাৰ ফলত তিনিটা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোৰ পিছত ৰে’লমন্ত্ৰী অশ্বনী বৈষ্ণৱে ঘোষণা কৰে যে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব আৰু গুৰুতৰভাৱে আহত লোকসকলক ২.৫ লাখ টকা প্ৰদান কৰা হ’ব। যিসকলে সামান্য আঘাত প্ৰাপ্ত হয় তেওঁলোকক ৫০,০০০ টকা দিয়া হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয়, “পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনা শোকাৱহ। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক। মই বিষয়াসকলৰ সৈতে কথা পাতিছিলো আৰু পৰিস্থিতিৰ বুজ লৈছিলো। ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ উদ্ধাৰ অভিযান চলি আছে। ৰে’লমন্ত্ৰী অশ্বনী বৈষ্ণৱও দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে।” ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে এক্সত লিখে, “ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰ অতি উদ্বেগজনক। আহতসকল যিমান সম্ভৱ সোনকালে আৰোগ্য হোৱা আৰু উদ্ধাৰ অভিযান সফল হোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ।”
Latest article
ব্ৰিটানিয়া নিউট্ৰি চইছে নিউট্ৰি প্লাছ এপ মুকলিৰে নতুন মাত্ৰা প্ৰদান কৰিলে ডিজিটেল সুস্থতাক
ভাৰতৰ অন্যতম আগশাৰীৰ বিস্কুট ব্ৰেণ্ড নিউট্ৰিচ’ইছে "নিউট্ৰিপ্লাছ" মুকলি কৰি দৈনন্দিন সুস্থতা সৰল কৰাৰ প্ৰতিশ্ৰুতিৰ সম্প্ৰসাৰণ কৰিলে, যি হৈছে এটা মোবাইল এপ, যিয়ে ভাৰতত সুস্থতা...
পলিকেব ইণ্ডিয়াই মুকলি কৰিলে নতুন ‘ছুপাৰ আৰঅ’আই’ ৰেঞ্জৰ ফেন
দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন "ছুপাৰ আৰঅ'আই" শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ...
সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্পাৰ্ক ২০২৫ৰ নিশা সংগীতেৰে জীপাল কৰিলে পলক মুচলে
সংস্কৃতি বিশ্ববিদ্যালয়ে স্পাৰ্ক ২০২৫ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক আৰু সৃষ্টিশীল দিশটো উদ্ভাসিত কৰিছিল, এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰি বলীউডৰ প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী পলক মুচলে...