নাৰী বিদ্বেষী মন্তব্য কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক

159

অৱশেষত গ্ৰেপ্তাৰ কৰা হল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।

বৰপেটা আৰক্ষীয়ে বুধবাৰে নিশা হাউলীৰ পৰা গ্ৰেপ্তাৰ কৰে স্বয়ম্ভূ আচাৰ্য পাঠকক।

হাউলীৰ এটা পৰিয়ালত নিশা আত্মগোপন কৰি থকা সময়তে পাঠকক কৰা হয় গ্ৰেপ্তাৰ।

উল্লেখ্য যে, চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেঁকোৱাৰ গুড়ি খোৱাৰ বিধান দিছিল স্বঘোষিত আয়ুৰ্বেদিক চিকিৎসকজনে।

ইয়াৰ পিছতে পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল নাৰী সমাজ।

মহিলা বিদ্বেষী মন্তব্য কৰি বাণিজ্যিক প্ৰচাৰ চলাবলৈ চেষ্টা কৰা পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে এজাহাৰ দাখিল কৰিছিল মহিলা সংগঠনসমূহে।