নাবালিকাক ধৰ্ষণৰ অভিযোগত গোসাইগাঁৱৰ শৰিদুলক ২০ বছৰ কাৰাদণ্ড

123

কোকৰাঝাৰৰ এখন জিলা আদালতে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে এজন ব্যক্তিক।

২০১৯ চনৰ জুলাই মাহত দোষীয়ে ধৰ্ষণ কৰাৰ সময়ত নাবালিকা গৰাকীৰ বয়স আছিল মাত্ৰ ১০ বছৰ।

দোষীজনক গোসাইগাঁও নিবাসী শৰিদুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে লম্পটজনক গ্ৰেপ্তাৰ কৰা হয়।

খবৰ অনুসৰি, নাবালিকাগৰাকীয়ে গৰু চৰাবলৈ নিজৰ বাসগৃহৰ ওচৰৰ এখন নদীৰ পাৰৰ এখন পথাৰলৈ যোৱাৰ সময়তে ইছলামে তেওঁৰ কাষ চাপি তাতে ধৰ্ষণ কৰে।

ইয়াৰ পিছতে ছোৱালীজনীয়ে মাক-দেউতাকৰ ওচৰলৈ গৈ গোটেই কথা বিৱৰি কয়। ইয়াৰ পিছতে পৰিয়ালটোৱে ইছলামৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি (আই পি চি) আৰু শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইন (প’স্কো)ৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছিল।