নাজিৰাত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী

108

নাজিৰাত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী।AITUC ৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্য্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী । চাহ শ্ৰমিকৰ দিন হাজিৰা ৩৫০ টকালৈ বৃদ্ধি কৰা ,এনৰেগাৰ দৈনিক মজুৰি বৃদ্ধি কৰা , প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ পাৰিতোষিক আৰু প্ৰমাণপত্ৰ অতি শীৰ্ঘ্ৰে প্ৰদান কৰা , দূৰ্নীতিগ্ৰস্ত আমোলা – বিষয়া – ঠিকাদাৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা , পেঞ্চনৰ ধন ৭৫০০ টকালৈ বৃদ্ধি কৰা আদিকে ধৰি প্ৰায় ১৬ টা দাবী সম্বলতি এখনি স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে।