ষ্টাফৰিপৰ্টাৰ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে যে ২৭ জুনত ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰিব। বিজ্ঞপ্তিটোত প্ৰকাশ যে বিজেপি চৰকাৰৰ শাসনত সাম্প্ৰতিক সাধাৰণ নাগৰিকৰ জীৱন জীৱিকা আৰু গণতন্ত্ৰ বিপৰ্যস্ত হৈ পৰিছে। কৰোণা পৰিস্থিতিয়ে যেতিয়া ৰাজ্যখনত সংহাৰী ৰূপ ধাৰণ কৰিছে সেই সময়ত চৰকাৰখনে নাগৰিকৰ জীৱন জীৱিকাৰ সুৰক্ষা আৰু সুস্থ গণতান্ত্ৰিক পৰিবেশ বৰ্তাই ৰখাৰ পৰিবৰ্তে নাগৰিকক চৰম নিৰাপত্তাহীনতাৰ কবলত বাস কৰিবলৈ বাধ্য কৰাইছে, আনহাতে বিৰোধী দল সংগঠন আৰু নাগৰিকক সভা সমিতি প্ৰতিবাদ কৰাত আৰক্ষী লগাই বাধা দিছে, আন্দোলনকাৰীক কোৱাৰেণ্টিন কৰাৰ দৰে জঘন্য দমন চলাইছে। অথচ বিজেপি দলে মুকলিভাবে সভা সমিতি সংবাদ মেল, জনসম্পৰ্ক অভিযান, ভিজুৱেল সমাবেশ কৰি ফুৰিছে। জয়ন্ত বৰা নামৰ যুৱকক আৰক্ষী-সেনাই হত্যা কৰা, অখিল গগৈসহ কা বিৰোধী নেতাসকলক মাহৰ পিছত মাহ মিছা গোচৰ জাপি দি বন্দী কৰি ৰখা, বিৰোধীক সভা সমিতি প্ৰতিবাদ কৰাত বাধা প্ৰদান, টোলগেট স্থাপন আৰু পেট্ৰল ডিজেলৰ ভয়াবহ মূল্যবৃদ্ধি, বাঘজান অগ্নিকাণ্ডত খিলঞ্জীয়া ৰাইজ গৃহহীন আৰু জীৱিকাহীন হোৱা আদি এইখন চৰকাৰে জনসাধাৰণৰ ওপৰত নমোৱা স্বৈৰাচাৰী আক্ৰমণৰ নগ্ন উদাহৰণ। বিজ্ঞপ্তিটোত কয় যে উক্ত
২৭ জুনৰ প্ৰতিবাদ গুৱাহাটীত গুৱাহাটী ক্লাৱৰ ৰটাৰী পইণ্টত দিনৰ ১১ বজাত ৰূপায়ণ কৰা হব। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলো কা বিৰোধী দল সংগঠন তথা ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে।