নলবাৰীৰ হৰিপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাউদাউকৈ জ্বলিল ডাম্পাৰ…

85

আইদুল হুছেইন, নলবাৰীঃ নলবাৰীৰ হৰিপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ জ্বলি উঠিল হঠাৎ। এই ঘটনাত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ।

জানিব পৰা মতে, যান্ত্ৰিক বিজুতিৰ বাবে অচল হৈ পৰা ডাম্পাৰখন মেৰামতি কৰি থকা হৈছিল। কিন্তু সেই সময়তে ডাম্পাৰখনত অগ্নিকাণ্ডৰ সংঘটিত হয়। কিছু সময়ৰ ভিতৰতে ডাম্পাৰখনৰ অগ্নিকাণ্ডৰ পৰা নিৰ্গত ক’লা ধোৱাই আকাশ ছানি ধৰে।

প্ৰায় আধা ঘণ্টা ধৰি ডাম্পাৰখনত সংঘটিত অগ্নিকাণ্ডত আহত হয় চালকজনো। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইফালে অগ্নিকাণ্ডত আহত চালকজনক বৰ্তমান নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।