নলবাৰীৰ ভাষা আৰু যুৱতীক ছ’চিয়েল মিডিয়াত ইতিকিং কৰা ধ্যানজ্যোতিৰ আত্মসমৰ্পণ

119

নলবাৰীৰ কথিত ভাষা আৰু নলবাৰীৰ যুৱতীক ছ’চিয়েল মিডিয়াত তাচ্ছিল্য কৰি ৰাইজৰ ৰোষত পৰা ধ্যানজ্যোতি ডেকাই অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হল। বুধবাৰে নলবাৰী সদৰ থানাত উপস্থিত হৈ ধ্যানজ্যোতি ডেকাই আত্মসমৰ্পণ কৰাৰ লগতে নিজে কৰা ভুলৰ বাবে নলবাৰীবাসী ৰাইজৰ ওচৰত কৰযোৰে ক্ষমা বিচাৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত ধ্যানজ্যোতি ডেকা নামৰ যুৱকজনে নলবাৰীৰ ভাষা আৰু যুৱতীক ইতিকিং কৰি মন্তব্য কৰা দেখা গৈছিল। তাৰ পিছতে এই যুৱকজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে নলবাৰীৰ কেইবাটাও দল-সংগঠন তথা সচেতন মহল। যুৱকজনৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰাৰ পিছতে অৱশেষত নতমস্তক হৈ আত্মসমৰ্পণ কৰে ধ্যানজ্যোতি ডেকাই। যুৱকজনে তেওঁৰ ভাইৰেল হোৱা ভিডিঅ’টো ২০১৭ চনৰে বুলি মন্তব্য কৰে।