নলবাৰীৰ বনগাঁও পঞ্চায়তত কোভিড ভেকচিন শিৱিৰ সম্পন্ন

76

আইদুল হুছেইন, নলবাৰীঃ নলবাৰী জিলাৰ একমাত্ৰ ডিজেটেল পঞ্চায়ত ২৬নং বনগাঁও পঞ্চায়তে কোভিডৰ সময়ত গ্ৰহণ কৰা পদক্ষপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে পঞ্চায়তখনৰ সহযোগত আৰু চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৪৫ বছৰৰ উৰ্দ্ধৰ ২০০ লোকক কোভিড ভেকচিন প্ৰদান কৰা হয়৷ কোভিডৰ প্ৰথমটো লহৰতো বিশেষ ভূমিকা গ্ৰহণ কৰা পঞ্চায়তখনে দ্বিতীয় ঢৌৰ সময়তো গ্ৰহণ কৰিছে বিশেষ ভূমিকা৷ জিলাখনৰ প্ৰথম খন পঞ্চায়ত হিচাপে এনেদৰে ভেকচিন প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে৷

এদিনীয়া ভেকচিন শিৱিৰটো পৰিদৰ্শন কৰি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কল্পনা ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই পঞ্চায়তখনে কোভিডৰ সময়ত গ্ৰহণ কৰা ভুমিকাৰ ভূয়সী প্ৰশংসা কৰে৷ ইয়াৰ বাবে বিশেষকৈ পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি তথা পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকাৰ পৰিকল্পনা আৰু কৰ্মসূচীৰো শলাগ লয় বিভিন্নজনে৷ ইতিমধ্যে পঞ্চায়তখনে বিভিন্ন অঞ্চল চেনিটাইজ কৰাৰ লগতে , কোভিড আক্ৰান্তৰ পৰিয়ালক যোগান ধৰিছে খাদ্য সামগ্ৰী। ইয়াৰ উপৰিও ৰেপিড টেষ্ট কেন্দ্ৰৰ জৰিয়তে ৰেপিড টেষ্টও কৰিছে৷