নলবাৰীত ৰে’লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত

168

নলবাৰীত ৰে’লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।
আঘাতপ্রাপ্ত শ্ৰমিক গৰাকী চিৰাং জিলাৰ মোহিতচান্দ আলী বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰে’ল লাইনৰ কাম কৰিবলৈ প্ৰায় ২০ জনীয়া এটা শ্ৰমিকৰ দল পাতিলাদহৰ পৰা আগ্যাথৰীলৈ চিফুং যাত্ৰীবাহী ৰে’লত গৈ আছিল।

নলবাৰী ৰে’ল ষ্টেচন পোৱাৰ কিছু আগ মুহুর্তত শ্ৰমিক জন ৰে’লৰ পৰা পৰি দুৰ্ঘটনাতত পতিত হয়।

দুৰ্ঘটনাতত পতিত হোৱাৰ পিছতেই তেওঁক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।