নলবাৰীত হাতী! প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ক্ষু্দ্ৰকটৰা, ধনতোলা, আগ্ৰাবাসী…

410

৯ জনীয়া এটা হাতীৰ জাকে সন্ত্ৰাস বিয়পাইছে নলবাৰী জিলাত। কোনো অৰণ্য নথকা নলবাৰীত ভূটানৰ পাদদেশৰ পৰা নামি অহা হাতীৰ জাকটোৰ উপদ্ৰৱত এতিয়া নিদ্ৰা হৰণ হৈছে কেইবাখনো গাঁৱৰ নিৱাসীৰ।

জিলাখনৰ ধনতোলা, মৈৰদঙ্গা, ক্ষুদ্ৰকটৰা, গৰেমাৰা, আগ্ৰাকে ধৰি কেইবাখনো গাঁৱত বিগত প্ৰায় দুমাহৰো অধিক সময় ধৰি হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰি প্ৰতিদিনেই চলাইছে সন্ত্ৰাস। বন্যহস্তীৰ জাকটোৱে দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ খেতিপথাৰৰ ফচল খাই-গচকি তহিলং কৰিছে।

ইফালে শুকুৰবাৰে নিশাও হাতীৰ জাকটোৱে ক্ষুদ্ৰকটৰা গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। গাঁওখনৰ নিৱাসী তথা স্থানীয় গাঁও পঞ্চায়তৰ সদস্য প্ৰমোদ কলিতাৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাগি পেলায় হাতীৰ জাকে। ইয়াৰ পূৰ্বে একেখন গাঁৱৰ সৰলা কলিতা আৰু কৰুণা নাথৰ পথাৰৰ পৰা দাই মজুত কৰি ৰখা ধান খাই উদং কৰিছিল হাতীৰ জাকটোৱে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ উপদ্ৰৱৰ সন্মুখীন হ’বলগীয়া হোৱা গাঁও কেইখনৰ নিৱাসীক এই আতংকৰ পৰা মুক্তি দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। প্ৰতি নিশা হাতীৰ সন্ত্ৰাসৰ সমান্তৰালকৈ বন বিভাগৰ লোকো উপস্থিত হয় যদিও হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত নিদ্ৰাহীন ৰাতি পাৰ কৰিবলগীয়া হৈছে পাগলাদিয়া নৈৰ পাৰৰ গাঁওসমূহৰ বাসিন্দাসকলে।