নলবাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

78

আইদুল হুছেইন, নলবাৰীঃ নলবাৰী আৰু কামৰূপ সীমান্তবৰ্তী নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধমধমা আৰু ৰঙিয়া সংযোগী পথৰ বৰাজোল পাংলাদিত এজন প্ৰায় ৩২ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

জানিবপৰা মতে, যুৱকজন বৰাজোল গাঁৱৰ চৰপাত আলীৰ কনিষ্ঠ পুত্ৰ আব্বাচ আলী। ঘটনা অনুসৰি যোৱা নিশা নেৰা নেপেৰা বৰুষুণৰ ফলত ৰঙিয়াৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত নম্বৰবিহীন পালচাৰ বাইকখনৰে দুৰ্ঘটনা হয় বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে মৃতদেহৰ ওচৰত বাইকখন পৰি থকাত এই সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।