নলবাৰী জিলাৰ এখন বনাঞ্চলৰ পৰা শনিবাৰে উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভাণ্ডাৰ।
খবৰ অনুসৰি চেঙনৈৰ সমীপৰ এখন অৰণ্যত মাটিৰ গভীৰতাত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰখিনি।
অৰ্ধসামৰিক বাহিনীৰ সহযোগত নলবাৰী আৰক্ষীয়ে চলোৱা তালাচী অভিযানৰ অন্তত এই বৃহৎ সফলতা লাভ কৰে।
উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে ৬টা পিষ্টল, চাৰিটা মেগজিন পিষ্টল, ৭৯টা এ কে বুলেট, ৬টা ৯ এম এম গুলী, দহটা ৭.৯২ গুলী, ১২টা .২২ গুলী, ৫টা ডিটনেটৰ, চাৰিটা দেশত নিৰ্মিত পিষ্টল গুলী আৰু তিনিটা এ কে মেগজিন।
আনহাতে, ৬০০ গ্ৰাম বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
কোনো সন্ত্ৰাসবাদী সংগঠনে লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।
