নলবাৰীত বিজেপি নেত্ৰীক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ।
শুকুৰবাৰে নিশা নলবাৰীৰ বৰ্ণিবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় বিজেপি নেত্ৰীগৰাকী।
আহত নেত্ৰী গৰাকীক ৰীনা তালুকদাৰ বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত ৰীনা তালুকদাৰ গুৰুতৰভাৱে আহত হয়।
খবৰ অনুসৰি, নিশা ঘৰলৈ অহাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰে মহিলাগৰাকীক।
বৰ্তমান নলবাৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৰীনা তালুকদাৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও চিনাক্ত কৰিব পৰা নাই আক্ৰমণকাৰী দুৰ্বৃত্তক।
