নলবাৰীঃ সদৌ অসম ডিটিঅ’ কাৰ্যালয়ৰ কৰ্মচাৰী সংগঠনৰ আহ্বানমৰ্মে নলবাৰী ডিটিঅ’ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সোমবাৰে এজন কৰ্মচাৰীক এজন উচ্চপদস্থ বিষয়াই কৰা কথিত অমানৱীয় আচৰণৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে ডিটিঅ’ৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰদীপ সেনাপতি নামৰ এজন কৰ্মচাৰীক অতিৰিক্ত আয়ুক্তই অমানৱীয় ব্যৱহাৰ কৰিছিল। তেওঁক শাৰীৰিকভাৱেও অত্যাচাৰ কৰা হৈছিল। কৰ্মচাৰী সন্থাই এই শোষণৰ বিৰুদ্ধে দ্ৰুত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁলোকে কয় যে যেতিয়ালৈকে চৰকাৰে অতিৰিক্ত উপ সঞ্চালকৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ নলয় তেতিয়ালৈকে এনে ধৰণৰ প্ৰতিবাদ নিৰন্তৰ ভাৱে চলি থাকিব।
