পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰি আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে নলবাৰী চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে। প্ৰতিবাদকাৰীসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।
যদি চৰকাৰে অতি সোনকালে পেট্ৰ’ল-ডিজেলৰ লগতে অন্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস নকৰে, তেন্তে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰতিবাদৰ সময়ত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
