নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা

499

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।শুকুৰবাৰে প্ৰায় আঠ শ লিটাৰ চোৰাং ডিজেল জব্দ কৰিবলৈ সক্ষম হয় দৌলাশাল আৰক্ষীয়ে। গুৱাহাটী দিশৰ পৰা দৌলাশাল অভিমুখে আহি থকা এ.এচ ০১-এবি-১০৩৫ নম্বৰৰ টাটা ছুমো বাহনখনে ৰামপুৰত আৰক্ষীক প্ৰত্যক্ষ কৰি তীব্ৰ গতিত পলাবলৈ লওতেই ৰামপুৰ চকত এএচ১৫-এ.চি-৩৩২৯ নম্বৰৰ যাত্ৰীবাহী বাছখনক পাছফালৰ পৰা খুন্দিয়ায়। লগে লগেই দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল কাশ্যপৰ তৎপৰতাত আৰু নেতৃত্বত সহকাৰী উপ পৰিদৰ্শক মুকুট দাসসহ এটি আৰক্ষীৰ দলে ছুমো বাহনখন জব্দ কৰে আৰু বাহনখনৰ পৰা প্ৰায় আঠ শ লিটাৰ অবৈধভাবে কঢ়িয়াই অনা চোৰাং ডিজেল জব্দ কৰে আৰক্ষীয়ে। ছুমোখনত কঢ়িয়াই অনা ডিজেলৰ কোনো বৈধ নথি-পত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰিব নোৱাৰাত চোৰাং ডিজেলৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰিছে দৌলাশাল আৰক্ষীয়ে। ধৃত লোক দুজন ক্ৰমে মুকালমুৱা থানাৰ অন্তৰ্গত বদনি আখিয়া গাঁৱৰ হজৰত আলী আৰু নেকিব আলী বুলি জানিব পৰা গৈছে । চোৰাং ডিজেল সৰবৰাহকাৰী ছুমো চালক হজৰত আলীক আৰু চোৰাং ডিজেল ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত নেকিব আলীক আৰক্ষীয়ে আটক কৰে। ধৃতলোক দুজনৰ বিৰুদ্ধে মুকালমুৱা থানাত আৰক্ষীয়ে নিজজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।