নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত ধেমাজি উকীল সন্থাৰ

71

ধেমাজিৰ কোনো অধিবক্তাই ওকালতি নকৰে মৰিধৰ কলেজৰ হত্যাৰ বলি হোৱা মেধাবী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰীৰ হৈ। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ধেমাজি উকিল সন্থাই।

উল্লেখ্য যে, বিবাহৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ৰাজপথত নন্দিতা শইকীয়াৰ ওপৰত দা-ৰে আক্ৰমণ চলাইছিল ৰিণ্টু শৰ্মা নামৰ নৰপিশাচটোৱে। এই আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীয়ে অৱশেষত চলিত সপ্তাহৰ আৰম্ভণিত হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে।

নন্দিতাৰ ওপৰত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হত্যাকাৰীক ফাঁচী প্ৰদানৰো দাবী উত্থাপন হৈছে। তাৰ মাজতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি হত্যাকাৰী ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে ধেমাজি উকীল সন্থাই। আনহাতে অন্য অধিবক্তা সকলকো এই পাষণ্ড হত্যাকাৰীজনৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে সন্থাটোৱে।