নতুন টাটা কাৰত ৬ মাহৰ EMI অৱকাশ উপভোগৰ সুবিধা

95

ষ্টাফৰিপ’ৰ্টাৰ,,২০ জুলাই।।। ভাৰতৰ শীৰ্ষস্থানীয় অট’ব্ৰেণ্ড টাটা মটৰ্ছে সোমবাৰে ইয়াৰ টিয়াগ’,নেক্সন আৰু এলট্ৰ’জ ব্ৰেণ্ড সমূহত এক অভিনৱ আৰু আকৰ্ষণীয় ফাইনেন্সিং অফাৰৰ শুভৰাম্ভৰ ঘোষণা কৰে। গ্ৰাহক সকলে এতিয়া শূণ্য ডাউণ পেমেণ্ট কৰি ৬ মাহৰ EMI অৱকাশ (কেৱল মাহেকৰ সূতখিনি প্ৰযোজ্য হ’ব)আৰু পাঁচ বছৰৰ কালদৈঘ্যৰ এটা ঋণৰ বাবে ১০০ শতাংশ অন ৰোড ফাণ্ডিং পাব পাৰে।এই অফাৰটো বেটনভোগী আৰু সু-নিয়োজিত যোগ্য ব্যক্তি সকলৰ বাবে ভাৰতৰ আটাইতকৈ পুৰণি আৰু বিশ্বাসযোগ্য বেংকিং প্ৰতিষ্ঠান সমূহৰ অন্যতম কৰুৰ ব্যাসা বেংকৰ সৈতে এক অংশীদাৰিত্বৰ জৰিয়তে উপলব্ধ কৰা হৈছে। ব্যক্তি আৰু পৰিয়ালৰ বাবে সুৰক্ষিত বাহনসমূহ অধিক ক্ৰয়সাধ্য আৰু সুগম কৰি তোলাৰ লগতে সামাজিক দূৰত্বৰ নিয়মসমূহ বর্তাই ৰখাত সহায় কৰাৰ ইয়াৰ প্ৰচেষ্টাত টাটা মটৰ্ছে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে ইয়াৰ সহযোগিতাৰ জৰিয়তে ৮ বছৰ পৰ্য্যন্ত দীঘলীয়া কালদৈঘ্যৰ ঋণত ক্ৰয়সাধ্য আৰু টেপ-আপ EMI আগবঢ়াইছে। টাটা মটৰ্ছে আন্তৰাষ্ট্ৰীয় মানদণ্ড,ডিজাইন আৰু সুৰক্ষা বিশিষ্ট গৌৰৱেৰে ভাৰতীয় কাৰ নিৰ্মাণ কৰে। গ্ৰাহকসকলে অফাৰ আৰু কাৰ ক্ৰয় কৰাৰ বিকল্প সমূহৰ বিষয়ে অধিক জানিবৰ বাবে Cars.tatamotors.com চাব পাৰে। উল্লেখযোগ্য যে,গ্ৰাহক সকলে তেওঁলোকৰ ঘৰৰ পৰাই শেহতীয়াভাৱে শুভাৰম্ভ কৰা ক্লিক টু ড্ৰাইভাৰ নামে এটা এণ্ড-টু এণ্ড অনলাইন প্লেটফৰ্মেৰে টেষ্ট ড্ৰাইভ এটাৰ বাবে অনুৰোধ কৰিব, বুকিং কৰিব আৰু তেওঁলোকৰ পছন্দৰ ফাইনেন্সিং বিকল্প নিৰ্বাচন কৰিব পাৰে।