নতুন কৃষি আইনে কৃষকৰ জীৱনলৈ সফলতা আনিব: কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ টুইট

62

ডিজিটেল ডেস্ক : কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে প্ৰতিবাদ জনাই মঙলবাৰে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেশজুৰি পৰা পৰিলক্ষিত হয়। এই বন্ধৰ সময়ছোৱাতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে টুইট কৰি কৃষি আইনক লৈ ভুৱা প্ৰচাৰ চলিছে বুলি পুনৰ এবাৰ মন্তব্য কৰে।

টুইটত কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীয়ে কয় যে – নতুন কৃষি সংস্কাৰ আইনে কৃষকৰ জীৱনলৈ সফলতা আনিব! অঘটনকাৰী আৰু অৰাজকতাবাদীৰ দ্বাৰা বিয়পি পৰা ভুৱা খবৰ পৰিহাৰ কৰিব।এমএছপি আৰু মাণ্ডীও অব্যাহত থাকিব আৰু কৃষকসকলে তেওঁলোকৰ নিজৰ বিবেচনাত যিকোনো স্থানত তেওঁলোকৰ শস্য বিক্ৰী কৰিব পাৰিব।