ডিজিটেল ডেস্কঃ মডেল, অভিনেতা মিলিন্দ চুমনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে৷ অশ্লীল দৃশ্য ফটো তথা ভিডিঅ’ আকাৰে প্ৰচাৰ কৰাৰ অভিযোগত আইটি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ ছ’চিয়েল মিডিয়া যোগে নগ্ন দৃশ্য পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখ্য যে, অভিনেতা মিলিন্দ চুমনে শেহতীয়ীকৈ কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল৷ এই ফটোসমূহ ছ’চিয়েল মিডিয়াত দিয়াৰ যোগ্য নাছিল বুলি কয় একাংশ লোকে৷ পত্নীৰ জন্মদিনৰ সময়ত গোৱাৰ সাগৰৰ তীৰৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছিল৷
