নগালেণ্ড বিশ্ববিদ্যালয়লৈ গৈ নিৰুদ্দেশ হোৱা মৰিগাঁৱৰ যুৱকক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ

77

ঋতুপৰ্ণ শৰ্মা, নগাঁও- মৰিগাঁও জিলাৰ এগৰাকী যুৱক নগালেণ্ডৰ পৰা স্বগৃহলৈ ঘূৰি অহাৰ অৱস্থাত আদবাটৰ পৰাই নিৰুদ্দেশ হৈ অৱশেষত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে যোৱা ২৫ এপ্ৰিলৰ দিনা মৰিগাঁৱৰ তৰাণি কলবাৰী গাঁৱৰ সত্যজিৎ কোঁৱৰ নামৰ যুৱকজনে বিশেষ কামৰ বাবে নগালেণ্ড বিশ্ববিদ্যালয়লৈ গৈছিল। পিছত নিজৰ সকলো কাম শেষ কৰি মংগলবাৰে সন্ধিয়া নগালেণ্ডৰ পৰা ঘৰলৈ বুলি গাড়ীত উঠাৰ পিছতেই পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে।

ইফালে বুধবাৰে পুৱা মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহী সোণাই নৈ দলঙৰ সমীপত উদ্ধাৰ হয় সত্যজিৎ কোঁৱৰৰ বেগটো। বেগটো উদ্ধাৰ কৰা ব্যক্তিসকলে বেগত সকলো নথি-পত্ৰ পোৱাৰ লগতে ঘৰৰ ফোন নম্বৰ লাভ কৰিছিল। পিছত লোককেইজনে যুৱকজনৰ ঘৰত যোগাযোগ কৰাৰ পিছতহে পোহৰলৈ আহে যোৱা নিশাৰ পৰা যুৱকজন নিৰুদ্দেশ হৈ থকাৰ তথ্য।

ইফালে পৰিয়ালৰ লোকে মৰিগাঁও আৰক্ষীৰ ওচৰত বেগটো উদ্ধাৰ হোৱাৰ কথা অৱগত কৰি যুৱকজন নিৰুদ্দেশ হোৱাৰ সংক্ৰান্তত এজাহাৰ দাখিল কৰিব লওঁতেই জালুগুটি পহৰা চকীৰ অন্তৰ্গত সাতগাঁৱত নিচাসক্ত সংজ্ঞাহীন অৱস্থাত এজন যুৱক উদ্ধাৰ কৰাৰ খবৰ লাভ কৰিছিল।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত যুৱকজনক চিনাক্ত কৰে। বৰ্তমান যুৱকজন সংজ্ঞাহীন অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আশ্চৰ্যকৰ বিষয় যে নগালেণ্ডৰ পৰা স্বগৃহলৈ আহা যুৱকজনৰ বেগটো এঠাইত আৰু যুৱকজন সংজ্ঞাহীন অৱস্থাত অন্য ঠাইত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে সংজ্ঞাহীন যুৱকজন সুস্থ হৈ উঠিলেহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য।