নগাঁৱৰ মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম আৰক্ষীৰ জালত

57

নগাঁও আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম। আৰক্ষীয়ে অভিযান চলাই দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ মাফিয়াজনক।

উল্লেখ্য যে, নগাঁও আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ছেলিমৰ বিৰুদ্ধে একাধিক থানাত গোচৰ ৰুজু হৈ আছে।

আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনক বিচাৰি পূৰ্বে কেইবাবাৰো অভিযান চলাইছিল যদিও প্ৰতিবাৰে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল ছেলিমে।

কিন্তু অৱশেষত নগাঁও অধীক্ষক আনন্দ মিশ্ৰৰ আৰক্ষী বাহিনীয়ে অভিযান চলাই দেওবাৰে কুখ্যাত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াজনক আটক কৰিবলৈ সক্ষম হয়। নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তুলিছিল ছেলিমে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ড্ৰাগছ ব্যৱসায়ৰ লগতে ছেলিমৰ বিৰুদ্ধে ৰুজু হৈ আছে আন বহু অপৰাধৰ গোচৰ।