নগাঁৱৰ বৰক’লাত শ্ৰীশ্ৰী গুৰু গ্ৰন্থ চাহিবৰ ৪১৮ সংখ্যক প্ৰকাশ দিৱসৰ সামৰণি,বিধায়কৰ লংঘৰ গৃহৰ দ্বাৰ মুকলি

275

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “অসমৰ স্বাভিমানৰ প্ৰতীক বৰক’লা। সুধাকণ্ঠই পঞ্চনদীৰ টেগ বাহাদুৰৰ কথা কৈছিল। শিখ ধৰ্ম এনে এক ধৰ্ম য’ত সকলোকে সামৰিব পৰাৰ মহত্ব আছে। সেয়ে শিখ ধৰ্মটো উদাৰ আৰু সমদৰ্শী আদৰ্শৰ বাবে বিখ্যাত”-এই মন্তব্য বিশিষ্ট লেখক-চিন্তাবিদ ময়ূৰ বৰাৰ।

নগাঁৱৰ বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত যোৱা ২৭ আগষ্টৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা শ্ৰীশ্ৰী গুৰুগ্ৰন্থ চাহিবৰ ৪১৮ সংখ্যক প্ৰকাশ দিৱসৰ ৰবিবাৰে সামৰণি পৰে। অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই বক্তা ময়ূৰ বৰাই।

প্ৰসংগক্ৰমে বৰাই শিখসকল অসমীয়া সমাজ জীৱনৰ লগত সম্পূৰ্ণকৈ সংপৃক্ত বুলি উল্লেখ কৰি এইসকল লোকৰ মনৰ যুক্তিসংগত বেদনা আৰু দাবীবোৰ অসমীয়া সমাজখনে হৃদয়ংগম কৰা উচিত বুলিও আহ্বান জনায়। ইপিনে, সমন্বয়ৰ ব্যাখ্যা আগবঢ়াবলৈ গৈ সমালোচক বৰাই গুৰুজনা আৰু গুৰু নানকৰ একেশ্বৰবাদৰ উদাৰতাই সদায়েই আমাক আৱৰি-সামৰি ৰাখিব বুলি অভিমত প্ৰকাশ কৰে।

অসমীয়া শিখ সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চল নগাঁৱৰ ঐতিহ্যমণ্ডিত বৰক’লাৰ সকলো শিখ সংগতৰ সহযোগত অনুষ্ঠিত এই প্ৰকাশ দিৱসৰ ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কবি-সাহিত্যিক মনজিৎ সিঙে কয় যে গুৰুগ্ৰন্থ চাহিব কোনো নিৰ্দিষ্ট লোকৰ মাজত সীমাবদ্ধ থকা গ্ৰন্থ নহয় যাক জাত-কুলৰ পৰিধি ভাঙি জ্ঞানসমৃদ্ধ সকলোৱেই পঢ়িব পাৰে।

এই অনুষ্ঠানতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিধায়কৰ সাহাৰ্য পুঁজিৰে নিৰ্মিত কেন্দ্ৰীয় গুৰুদ্বাৰৰ লংগৰ গৃহৰো দ্বাৰ মুকলি কৰে। সমাজকৰ্মী গুৰুমুখ সিঙৰ সঞ্চালনাত অনুষ্ঠিত এই ধৰ্মালোচনী সভাখনিত নাট্যকাৰ অৱতাৰ সিং, স্থানীয় সাংবাদিক প্ৰাঞ্জল বৰদলৈ, জ্যোতিপ্ৰসাদ বৰা, মঙ্গলদৈ বি এড কলেজৰ অধ্যক্ষ ড° মুহিন্দৰ কৌৰ আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উদ্যোক্তা শ্যাম সিং, প্ৰতাপ সিং আৰু ৰঞ্জু সিঙে আঁত ধৰা উক্ত সভাতে সমাজ বৰেণ্য বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়। প্ৰকাশ দিৱসৰ অন্তিমটো দিনৰ কাৰ্যসূচীত ভাগ ল’বলৈ কেন্দ্ৰীয় গুৰুদ্বাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক শিখ ধৰ্মালম্বী লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। যাৰ বাবে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয় নগাঁও জিলাৰ হাৰিয়া নৈৰ পাৰৰ সমগ্ৰ বৰক’লা অঞ্চলত।