নগাঁৱৰ বেবেজীয়াৰ কৃতী শিক্ষয়িত্ৰী পূৰ্ণিমা বৰা স্মৃতিচাৰণ সভা সম্পন্ন

98

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পূৰ্ণিমা বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই উপলক্ষে প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ বাসগৃহত আয়োজিত সভাত সভাপতিত্ব কৰে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই৷

ভাষণ প্ৰসংগত বৰুৱাই কয় যে এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ মৃত্যুয়ে এখন সমাজৰ বহু ক্ষতি কৰে৷ কাৰণ সেই শিক্ষকজনে জ্ঞানৰ জ্যোতিৰে সমগ্ৰ অঞ্চলটোকে আলোকিত কৰি তোলে কিন্ত হঠাৎ শিক্ষক বা শিক্ষয়িত্ৰীজনৰ মৃত্যু হয় তেতিয়া কিন্ত সমাজখনৰ শিক্ষা আৰু উন্নয়নত ক্ষতিগ্ৰস্ত হ’ব লগা হয়।

স্মৃতিচাৰণ সভাখনিতে সাংবাদিক দেৱজিৎ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “পূৰ্ণিমা-আভা” উন্মোচন কৰি উন্মোচক ইতিহাসবিদ-গৱেষক ড° ৰাজেন শইকীয়াই কয় যে মৃত্যুয়ে সকলোকে বিচলিত কৰে৷ মৃত্যুক শ্ৰদ্ধা কৰিব শিকিব লাগিব৷ মৃত্যুক কোনেও ভয় কৰা উচিত নহয়৷ সভাত আন এজন বিশিষ্ট অতিথি গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে মৃত্যু যদিও দুখকৰ আৰু বেদনাদায়ক, অৱশ্যম্ভাৱী এই মৃত্যু মানৱ জীৱনত সদায়ে বন্দিত৷

পূৰ্ণিমা বৰা এগৰাকী কৃতী শিক্ষয়িত্ৰী,সুগৃহিনী আৰু সফল মাতৃ৷ এইখন ঘৰৰ প্ৰধান চালিকা শক্তি। অৱধাৰিতভাবে পূৰ্ণিমা বৰাৰ অকাল বিয়োগ প্ৰট’কল বন্দী মৃত্যু আছিল যদিও পৰিয়াল, ছাত্ৰ-ছাত্ৰী বা চৌপাশৰ সমাজখনৰ বাবে তেওঁৰ প্ৰতি অবিৰত শ্ৰদ্ধা বৰ্তমানেও বিৰাজমান৷ বিশিষ্ট অতিথিৰ ভাষণত ডা° কৃষ্ণ কুমাৰ বৰাই কয় যে এজন ব্যক্তিৰ নামত প্ৰকাশ কৰা এখন গ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজিৰ বিষয়ে আমি জানিব পাৰোঁ৷ ব্যক্তিগৰাকীৰ জীৱন দৰ্শনে সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত এক আৰ্দশ দাঙি ধৰে৷

প্ৰাক্তন মন্ত্ৰী উমেশ দাসেও স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকি কয় যে মানুহৰ সমষ্টিয়েই এখন সমাজ৷ এখন সুস্থ আৰু সৱল সমাজৰ গুৰিতেই আছে এচাম সৰল মানুহৰ ত্যাগ৷ সভাত ডিমৰীয়া মহাবিদ্যালয় সহযোগী অধ্যাপক মোহিনী মোহন ডেকা,শাস্ত্ৰজ্ঞ নৰেন চন্দ্ৰ নাথ, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বাণী কান্ত শৰ্মা, গীতা শইকীয়া ভৰালী, বেবেজীয়া আৰ্য্য জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিপুঞ্জয় শৰ্মা, শিক্ষক লক্ষী নাৰায়ণ বৰা আদিয়ে পূৰ্ণিমা বৰাৰ জীৱন দৰ্শন আলোকপাত কৰি সাৱলীল ভাষণ প্ৰদান কৰে৷

উল্লেখ্য যে পূৰ্ণিমা বৰাৰ স্বামী তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে গৱেষক, বিশিষ্ট বুৰঞ্জীবিদ ডঃ ৰাজেন শইকীয়াই৷ সাংবাদিক দেৱজিৎ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰা, পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, একালৰ সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা, অভিনেতা ৰাজেন শৰ্মা, নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে দেৱাহুতি বৰা, দেৱযানী চৌধুৰী, উদয়াদিত্য গগৈ, মনোৰঞ্জন পায়েং, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সংগীত শিল্পী কৃষ্ণ দুলাল বৰুৱা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষকদ্বয় তোলন বৰা, তৰুন চন্দ্ৰ দাসকে ধৰি বহুকেইজন গণ্যমান্য লোক উপস্থিত থাকে৷

স্মৃতিচাৰণ সভাৰ অন্তত স্মৃতিচাৰণ সভাৰ শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত শিক্ষয়িত্ৰী পূৰ্ণিমা বৰাৰ স্বামী যাদৱ চন্দ্ৰ বৰাই৷ উল্লেখ্য যে বিগত বৰ্ষত কোৰোনা ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱতি ল’বলগা হৈছিল কৃতী শিক্ষয়িত্ৰী পূৰ্ণিমা বৰাই৷