নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ আৰম্ভ

349

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশতে আৰম্ভ হৈছে স্বাধীনতাৰ অমৃৎ মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ উদ্যোগতো তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপায়িত হৈছে। ইয়াৰ অংশ ৰূপে কালি (শনিবাৰে) পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ আৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰাই।

অনুষ্ঠানত জ্যেষ্ঠা সহকাৰী শিক্ষয়িত্ৰী পূৰ্ণিমা শইকীয়া বৰাই স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। আজি (ৰবিবাৰে) পুৱা ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে এক বিশাল সমদল উলিয়ায়। চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণৰে অনুষ্ঠিত এই শোভাযাত্ৰা বিদ্যালয়ৰ পৰা আৰম্ভ হৈ বেবেজীয়া চাৰিআলিৰ মাজেৰে গৈ পুনৰ বিদ্যালয়ত প্ৰৱেশ কৰে।

উল্লেখ্য যে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোৱে “বন্দে মাতৰম”,”ভাৰত মাতা কি জয়” আদি দেশপ্ৰেমমূলক শ্ল’গানৰে আকাশ বতাহ মুখৰিত কৰি তোলে। শোভাযাত্ৰাৰ অন্তত অষ্টম শ্ৰেণীৰ ছাত্ৰ জ্যোতিষ্মান বেজবৰাই দেশপ্ৰেমমূলক গীত আৰু দশম শ্ৰেণীৰ ছাত্ৰী জ্যোতিষ্মিতা বৰাই দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰে।

আজিৰ সমূহ কাৰ্যসূচীৰ সফল ৰূপায়ণত বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী বৰাৰ উপৰি পূৰ্ণিমা শইকীয়া বৰা, অপূৰ্ব কলিতা, ইলি শৰ্মা, সন্তোষ কুমাৰ দাস, অনুপম দাস, জোন জ্যোতি শৰ্মা, সংগীতা মহন্ত, প্ৰেৰণা শইকীয়া হাজৰিকা, উজ্বল কুমাৰ বৰা, মঞ্জুৰাণী ভৰালী, দীপা দেৱী, পূৰ্বালী মেধি, প্ৰাণজিৎ ভূঞা, ইন্দ্ৰ মোহন বৰা, ৰুলি শৰ্মা বৰকটকী, পৰিষ্মীতা বৰা, জ্যোতি প্ৰভা দেৱী, জুৰি বৰা, ৰেখা শৰ্মা, চিৰঞ্জীৱ গোস্বামী, পৰী শৰ্মা, বিউটি বৰা, পূৰ্ণিমাই দাস আৰু ঋতু পৰ্ণ শৰ্মাই সহায়-সহযোগিতা আগবঢ়ায়।