নগাঁৱৰ ফৌজদাৰীপট্টিৰ গুৰুদ্বাৰত “খালচা পন্থ”ৰ ৩২৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন

103

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ ফৌজদাৰীপট্টিত অৱস্থিত ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত শিখ ধৰ্মৰ দশমজন গুৰু শ্ৰী গোবিন্দ সিং মহাৰাজজীয়ে প্ৰতিষ্ঠা কৰা “খালচা পন্থ”ৰ ৩২৩তম বৰ্ষপূৰ্তি আৰু শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ অখণ্ড পাঠৰ অনুষ্ঠানটি অলপতে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।

গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সভাপতি চৰ্দাৰ দেবেন্দ্ৰ সিং চেহমী আৰু প্ৰধান সম্পাদক চৰ্দাৰ হৰভজন সিং খালছাৰ নেতৃত্বত তথা চহৰৰ সমূহ সংগতৰ দ্বাৰা আয়োজিত তিনিদিনীয়া কাৰ্যসূচীত ধৰ্মীয় গুৰুসকলৰ বাণী, গুণানুকীৰ্তন আৰু সংগতৰ বাবে লংগৰ ব্যৱস্থা কৰা হয়।

অন্তিম দিনাৰ কাৰ্যসূচীত কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে খালচা পন্থৰ উদ্দেশ্য আৰু পালন কৰিব লগীয়া নীতি-নিয়ম সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। গুৰুদ্বাৰৰ স্থায়ী গ্ৰন্থি চৰ্দাৰ কিচান সিং প্ৰমুখ্যে কেইবাজনো গ্ৰন্থি আৰু যুৱক-যুৱতীয়ে শিখ ধৰ্মীয় গীত-মাত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

উক্ত অনুষ্ঠানতে অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব সৰদাৰ গুৰদ্বীপ সিং পানেছাৰৰ লগতে নগাঁও পৌৰসভাৰ নৱনিৰ্বাচিত পৌৰপতি অম্বিকা মজুমদাৰ,উপ পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি গুৰপ্ৰীত সিংকে ধৰি বহুকেইজন ৱাৰ্ড মেম্বাৰক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে তিনিওদিনৰ কাৰ্যসূচীত শিখধৰ্মৰ ধৰ্মীয় গীত-মাতে বৃহত্তৰ চহৰখনৰ ফৌজদাৰীপট্টি অঞ্চলটো মুখৰিত হৈ পৰে।