নগাঁৱৰ ফুলগুৰিৰ যুৱ সাহিত্যিক বিপুল কলিতালৈ “স্বাধীনতা দিৱস স্মাৰক সাহিত্য” বঁটা

99

ঋতু পৰ্ণ শৰ্মা, নগাঁও:- গুজৰাট সাহিত্য অকাডেমী আৰু ওমান ৰাষ্ট্ৰস্থিত আন্তৰ্জাতিক পৰ্যায়ৰ সাহিত্য সংগঠন “ম’টিভেচনেল ষ্ট্ৰিপছ”-য়ে যুটীয়া ভাৱে এইবাৰ ভাৰতবৰ্ষৰ “স্বাধীনতা দিৱস স্মাৰক সাহিত্য সন্মান ২০২১” (Independence Day of India Literary Honours 2021) ভাৰতৰ ১৫০গৰাকী সাহিত্যিকলৈ আগবঢ়াইছে। এই তালিকাত ৰাজ্যৰ নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি নিবাসী শিক্ষক-কবি- সাহিত্যিক বিপুল চন্দ্ৰ কলিতাই স্থান লাভ কৰিছে।

অসমীয়াৰ উপৰি হিন্দী আৰু ইংৰাজী তিনিও ভাষাতে সাহিত্য চৰ্চা কৰি থকা কলিতাৰ কবিতা আৰু সাহিত্য সমালোচনা দেশী-বিদেশী বিভিন্ন কাকত আলোচনীতো প্ৰকাশ পাই আহিছে । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ৩৫খন গ্ৰন্থত তেখেতৰ লেখাই স্থান লাভ কৰাৰ উপৰি তেখেতৰ “I’ll be in you to feel myself” আৰু “Hearts Whistle” নামৰ ইংৰাজী কাব্যগ্ৰন্থ দুখন ক্ৰমে মহাৰাষ্ট্ৰৰ লাটুৰৰ বিশ্বভাৰতী প্ৰকাশন আৰু ৰাইৰ্টাছ মিৰৰ, অসম (ভাৰত)২০১৮ চনত প্ৰকাশ কৰিছে । তদুপৰি ৰহাৰ ৰহদৈ কবি মঞ্চই ২০১৮ চনতে তেখেতৰ অসমীয়া কাব্যগ্ৰন্থ “মই অৰ্জুন হ’ব নোৱাৰিলোঁ” প্ৰকাশ কৰি উলিয়াইছে ।

নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক প্ৰয়াত অচ্যুৎ প্ৰবৰ শৰ্মাৰ সম্পাদনাত তেখেতৰ ৫০সংখ্যক জন্মদিৱসত এই বৰ্ষতে “বিপুল অভিন্দন” শীৰ্ষক অভিনন্দন গ্ৰন্থ এখনো প্ৰকাশ পাইছিল । উল্লেখযোগ্য যে বিপুল চন্দ্ৰ কলিতা চাপৰমুখ বি বি হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক । কলিতাৰ সাফল্যত ফুলগুৰিৰ লগতে ৰহা আৰু চাপৰমুখত বিভিন্ন ব্যক্তি, দল- সংগঠনে অভিনন্দন জনাইছে ।