নগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ প্ৰথম সফলতা, বটদ্ৰৱাৰ কদমণিত ড্ৰাগছৰ ঘাটি উচ্ছেদ

91

আজি নগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত এক গোপন সূত্রৰ পম খেদি চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বটদ্ৰৱাৰ কদমণিৰ পৰা চিৰাজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

নগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামৰ পৰা ১৩৬ গ্ৰাম ব্ৰাউন ছুগাৰৰ ১২টা পেকেট উদ্ধাৰ কৰাৰ লগতে নগদ ধন ২২ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। বিগত বহু দিন ধৰি চিৰাজুল ইছলামে নগাঁও জিলাৰ বিভিন্ন স্থানত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল।

নগাঁৱত আৰৰক্ষী অধীক্ষক হিচাপে যোগদান কৰি ২৪ ঘণ্টাৰ নৌহওঁতেই ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এনে অভিযানক লৈ সকলোৱে শলাগ লৈছে। উল্লেখ্য যে, আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এই ড্ৰাগছ বিৰোধী অভিযানত সংগ দিয়ে ডি এছ পি কল্যাণ কুমাৰ দাসে।