নগাঁৱৰ দেউৰীগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

295

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তুলসীমুখৰ দেউৰীগাঁৱত গুৱাহাটীৰ আয়ূৰসুন্দ্ৰা হস্পিতালৰ উদ্যোগত আৰু নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ তথা নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এচ’ছিয়েশ্বনৰ সহযোগত বুধবাৰে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

পমুৱৈ দেউৰীগাঁৱৰ ৰাজহুৱা ভৱন প্ৰাংগণত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্বাস্থ্য পৰীক্ষা শিবিৰটোত আয়ূৰসুন্দ্ৰা হস্পিতালৰ হৃদৰোগ বিশেষজ্ঞ মৃদুল মহন্ত, মেডিচিন বিভাগৰ প্ৰণৱ বৰুৱা, অৰিজিৎ বিষ্ণু, সুশীল দাস বৰ্মণ, অজয় শৰ্মা, ভৱজ্যোতি, বিষ্ণু দাস আদিকে ধৰি বহু কেইগৰাকী অভিজ্ঞ চিকিৎসক আৰু চিকিৎসাকৰ্মী উপস্থিত থাকে।

এই শিবিৰত বানপীড়িত অঞ্চলটোৰ প্ৰায় পাঁচশৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ই চি জি কৰাৰ লগতে ঔষধো প্ৰদান কৰা হয়। ইফালে স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি সংক্ষিপ্ত সভাও অনুষ্ঠিত হয়।

সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা শিবিৰ মুকলিৰ সভাখনত বিধায়ক ৰূপক শৰ্মাৰ লগতে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তৰুণ চন্দ্ৰ দাস, নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কনক হাজৰিকা, উপদেষ্টা অখিল চন্দ্ৰ দাস, প্ৰবীণ শিল্পী গম্ভীৰ নাথ, লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি, সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি গৌৰি শংকৰ শইকীয়াৰ লগতে আয়ূৰসুন্দ্ৰা হস্পিতালৰ অধীক্ষক প্ৰণৱ বৰুৱা, সহকাৰী মহাপ্ৰৱন্ধক ৰাতুল চন্দ্ৰ দাস আৰু ভাস্কৰ শইকীয়া, উপ প্ৰবন্ধক মনোজ হালৈ আৰু ভবেন ডেকা, প্ৰবন্ধক বিজয় শংকৰ নাথ আৰু ভবেন ডেকা আদি উপস্থিত থাকে।

উল্লেখ্য যে স্বাস্থ্য পৰীক্ষা কৰোৱা ৰোগীসকলক গুৱাহাটীৰ গণেশগুৰিৰ তৃষ্ণা মেডিক’জৰ ফালৰ পৰা বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়।