নগাঁৱৰ ডিমৌ-ৰাইদঙীয়া পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে শেতালীবাসীক

175

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টি সংযোগী ৰাইদঙীয়া-ডিমৌ সংযোগী পথটোৰ বৰ্তমান দুৰৱস্থাই সৰ্বসাধাৰণ পথচাৰী ৰাইজক জলা-কলা খুৱাইছে। অৱশ্যে গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ লোক নিৰ্মাণ বিভাগে কেইবছৰমান পূৰ্বে এই জৰাজীৰ্ণ পথটিৰ অধিকাংশ পুনৰ নিৰ্মাণ কৰিলে যদিও পথছোৱাৰ ৰহা সমষ্টিৰ অন্তৰ্গত শেতালী-কুঁজাৰবড়ি অংশছোৱাত মাত্ৰ কেইটামান শিলগুটি আৰু মাটি-বালি পেলায়ে দায়িত্ব সামৰিলে।

উল্লেখ্যযোগ্য যে পথটিৰ আধা অংশ ৰহা সমষ্টিৰ হোৱাৰ বিপৰীতে আধা অংশ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত। বটদ্ৰৱা সমষ্টিৰ অংশটি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কাৰ্যকালত নিৰ্মাণ কৰিলে যদিও ৰহা সমষ্টিৰ অন্তৰ্গত অংশটি সামান্যতমো মেৰামতি নকৰিলে প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে। শেতালী-কুঁজাৰবড়ি অংশত বহুকেইটা পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত বহু স্কুটাৰ-মটৰ চাইকেল আৰোহী দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

ডিমৌৰ পৰা বটদ্ৰৱাৰ ফালে আহোঁতে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত শেতালী-কুঁজাৰবড়িৰ এই বৃহত্তৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজ এতিয়া এজাক বৰষুণতে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগীয়া হয়। শেহতীয়াভাৱে যোৱা ২০২১ বৰ্ষত অহা এজাক প্ৰৱল বৰষুণতে পথটিৰ শেতালী অংশৰ নাট্য মন্দিৰ আৰু নামঘৰৰ মাজৰ স্থানত পথৰ ওপৰৰ প্ৰকাণ্ড গাঁতত একঁকাল পানী হৈছিল। স্থানীয় ৰাইজে নিজৰ ভিতৰতে ধন সংগ্ৰহ কৰি ডিজেল পাম্পৰে পথৰ পানী সিঁচি পথটি যাতায়তৰ বাবে সুচল কৰি তোলে।

তাৎপৰ্যপূৰ্ণ কথা যে পথটিৰ এনে বিধস্ত ৰূপৰ বাবে পূৰ্বতে বহুবাৰ শেতালী অঞ্চলৰ ৰাইজে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটী বা নামনি অংশৰ পৰা অহা যাত্ৰী বা পৰ্যটকে এই পথেৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যাতায়ত কৰে। বটদ্ৰৱালৈ যাত্ৰী বা পৰ্যটকসকলৰ বাবে এই পথটি চমু হোৱা বাবে ইয়াক বহুতে “বটদ্ৰৱা বাইপাছ” বুলি কয়। সেয়েহে অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে লোক নিৰ্মাণ বিভাগক উন্নত মানেৰে শেতালী- কুঁজাৰবড়ি অংশটি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।