নগাঁৱৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত ‘শৰাই এদিন-গৰখীয়া সবাহ” উৎসৱ

504

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত ৩০ আৰু ৩১ জুলাইত বাৰ্ষিক “শৰাই এদিন আৰু গৰখীয়া সবাহ” উৎসৱটি আয়োজন কৰা হৈছে। ২৮ সংখ্যক উৎসৱৰ কাৰ্যসূচী অনুসৰি ৩০ জুলাইত পুৱা পৰিৱেশ নিকাকৰণ, মণিকূটত বন্তি প্ৰজ্বলনৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে।

ইয়াৰ পাছতে খোল আৰু নাম প্ৰসংগ তথা ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হয়। মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ড° বোধেন শইকীয়াই উদ্বোধন কৰিবলগীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত নগাঁও আৰু মৰিগাঁও জিলাৰ বহুকেইজন পাঠাচাৰ্য তথা ব্যাখ্যাকাৰক উপস্থিত থাকে। সন্ধ্যা সমূহীয়া বন্তি প্ৰজ্বলন আৰু নিশা আপ্যায়নৰে প্ৰথমদিনাৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব।

৩১ জুলাইত পুৱা ভাগৱত পাঠৰ অন্তত ভক্তপ্ৰাণ সেৱকীসকলৰ শৰাই উৰ্চগা, খোল-নাম প্ৰসংগ আৰু দুপৰীয়া বাৰপূজীয়াৰ চৰাইবাহী সন্মিলিত নামতি দলৰ মহানামৰ লগতে সমূহীয়া ঘোষাৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি উৎসৱ উদযাপন সমিতিৰ সম্পাদক যোগী অনিল নাথে জনাইছে। উল্লেখ্য যে সাৰ্বজনীন গৰখীয়া থানখনি নগাঁৱৰ পুৰণি থানসমূহৰ ভিতৰত অন্যতম। প্ৰায় ৩০০ বছৰ পুৰণি থানখনি আজিও স্ব-মহিমা আৰু স্ব-গৰিমাৰে উজ্জ্বীৱিত হৈ আছে। থানখনিৰ মাহাত্ম্যৰ কথা আজিও সভক্তিৰে স্মৰণ কৰে।