ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৫৩৪ সংখ্যক শ্ৰীশ্ৰী মাধৱদেৱ আৱিৰ্ভাৱ মহোৎসৱভাগ শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত দেওবাৰে চকলাঘাটত উদযাপন কৰা হয়৷ এই উপলক্ষে জিলাখনৰ ১৯ খন আঞ্চলিকৰ কেইবা সহস্ৰাধিক বাপ-বান্ধৱ, আই মাতৃৰ উপস্থিতিত উদুলিমুদুলি পৰিবেশত চকলাঘাট ৰাস মন্দিৰত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃ প্ৰসংগ আৰু পৰিবেশ নিকাকৰণৰ অন্তত বৃক্ষৰোপণ কৰে সংঘৰ নগাঁও জিলা শাখাৰ উপ সভাপতি ৰাণা প্ৰকাশ বৰা আৰু পতাকা উত্তোলন কৰে জ্যোতি প্ৰসাদ ভূঞাই৷
ইয়াৰ পিছতে উলিওৱা বৰ্ণাঢ্য ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে মূলৰ সদস্য নলিনী বৰাই৷ অসমীয়া ভাওনাৰ দৃশ্যপট, গায়ন-বায়ন, আয়তী সকলৰ দিহা নাম আদিৰে মুখৰিত শোভাযাত্ৰাটি বিভিন্ন গাঁও পৰিভ্ৰমণ কৰি বৃহত্তৰ চকলাঘাট অঞ্চলটো উজ্জ্বলাই তোলে৷

দুপৰীয়া স্থানীয় আইসকলৰ দিহা নাম পৰিবেশনেৰে আৰম্ভ হোৱা জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাৰ সভাপত্বিত অনুষ্ঠিত ধৰ্মালোচনী সভাখনি জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই উদ্ধোধন কৰে। সভাত নিদিষ্ট বক্তাৰূপে শংকৰ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সদস্য মনোজ দেওৰজা আৰু বিশিষ্ট অতিথি ৰূপে সংঘৰ প্ৰাক্তন সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, মূলৰ সদস্য হৰিদাস ৰাজ কুমাৰ, অজিত কুমাৰ বৰুৱা আৰু শনিৰাম দাসে অংশগ্ৰহণ কৰে৷

জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰা, আদৰণি সমিতিৰ সম্পাদক উৎপল হাজৰিকা আৰু শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিকৰ সম্পাদক পংকজ শইকীয়াই আঁতধৰা সভাখনিত জিলা শাখাৰ উপ সভাপতি ৰাণা প্ৰকাশ বৰা, চেনাৰাম ডেকা, সমাজকর্মী দেৱ বৰা, সহঃ সম্পাদক ধীৰ সিং বৰদলৈ, দীপাংক বৰদলৈ, জিলাধিনায়ক নৱজ্যোতি বৰুৱা, শংকৰদেৱ আঞ্চলিকৰ সভাপতি চেনীৰাম ভূঞা, চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া, সংঘৰ মহিলা নেত্ৰী ৰুমী বৰা, ববী বৰদলৈ, সংঘৰ ক’পাৰেটিভ চ’ছাইটিৰ পৰিচালন সঞ্চালক মমতা বৰকাকতি আদিও উপস্থিত থাকে৷
সভাৰ মাজতে কৃষ্টি কন্যা শইকীয়া আৰু কস্তুৰী শইকীয়াই বৰগীত, শিল্পী জিতু ডেকাৰ পৰিচালনাত ঝুমুৰা নৃত্য আৰু মথুৰা দাস আতা প্ৰাথমিকৰ আইসকলে দিহানাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয়৷
