ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত তথা নগাঁও জিলা কবি সন্মিলনৰ অধীনৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবিমেলখনি ৰবিবাৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উপ সভাপতি গীতাঞ্জলী শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হৈ যায়। কবিমেলৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰাই।
কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কবিমেলখনিৰ পৰ্যালোচনা কৰে লেখক, কবি প্ৰৱীণ শৰ্মাই। কবিমেলৰ মাজতেই নৱনিৰ্বাচিত কামপুৰ আঞ্চলিক কবি সন্মিলনক দায়িত্ব অৰ্পণ কৰা হয়। কবিতা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে ক্ৰমে খৰ্গেশ্বৰ বৰা, গোলাপ ৰাজখোৱা, শকুন্তলা শইকীয়া, শিখা শইকীয়া, মোলান লস্কৰ, ৰাজু সমীৰণ, অতুল চন্দ্ৰ কাকতী, ধৰণী শইকীয়া, চন্দ্ৰ বৰা, বিকুল লস্কৰ, নিৰু মেধি, উষা বৰা, প্ৰৱীণ শৰ্মা, তপন কুমাৰ নগঞা, গুণ কাকতী, বৰ্ণালী মজুমদাৰ, গীতাঞ্জলী শৰ্মা, ৰূপক মজুমদাৰ, মৃনাল লস্কৰ, অনুপমা বৰা, প্ৰদ্যুম্ন বৰা, ভূপেন শৰ্মা, বাবুল বৰা, ৰাজীৱ বৰুৱা, ইৰামণি শইকীয়াকে ধৰি ত্ৰিশ গৰাকী কবিয়ে।

কবিমেলত উপস্থিত থাকে মুহিৰাম লস্কৰ, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, ৰূপজ্যোতি ভূঞা, কুকিল বৰা আৰু নৱজ্যোতি লস্কৰে। কামপুৰ আঞ্চলিক কবি সন্মিলনে বিদায়ী সম্পাদক ৰাজু সমীৰণক সম্বৰ্ধনা জনোৱাৰ লগতে কবি সন্মিলনক গতি প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও জিলা কবি সন্মিলনৰ তৰফৰ পৰা কামপুৰ আঞ্চলিক কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি গুণ কাকতী আৰু সম্পাদক প্ৰদ্যুম্ন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে কবিমেলৰ সামৰণি পৰে।
