ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভূক্ত নগাঁৱৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কামপুৰ স্বৰাজ ভৱন প্ৰাংগনত অনুষ্ঠিত কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পাছতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উপদেষ্টা প্ৰবীণ শৰ্মাই।

কামপুৰৰ বিশিষ্ট প্ৰয়াত কবিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে। কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত স্থানীয় কবিৰ কবিতা পাঠ অনুষ্ঠানত বৃহত্তৰ কামপুৰ অঞ্চলৰ অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে।

বিশিষ্ট কবি মদাৰজ্যোতিয়ে পৰ্যালোচনা কৰা আমন্ত্ৰিত কবিৰ কবিতা পাঠ অনুষ্ঠানত নগাঁও, হোজাই আৰু কাৰ্বি আংলং জিলাৰ কুৰিৰো অধিক কবিয়ে অনুষ্ঠানটি জীপাল কৰি তোলে আমন্ত্ৰিত কবিসকল পৱন শৰ্মা, ৰূপম নাথ, মদাৰজ্যোতি, সভাৰাম বৰা, সঞ্জীৱ সাগৰ চৌধুৰী, কবিতা বৰা, হাচিনা মমতাজ, কৰবী লিগিৰা, মানস প্ৰতিম নাথ, কৰবী শইকীয়া, পুলকানন্দ কৌশিক, প্ৰজ্ঞা পাৰমিতা বৰুৱা, ৰেমী শৰ্মা, বিদ্যুৎ মেচ, মুক্তাৰাম কলিতা, নন্দেশ্বৰ নাথ, নৱ কাশ্যপ, তেজস্বিনী অসম, লতামনি শৰ্মা, লখিমী মহন্ত, অমিয়া গোস্বামী, ৰাহুল মজুমদাৰ, বিদ্যুৎ জ্যোতি বৰাৰ কবিতা পাঠেৰে।

বিয়লি অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে কামপুৰ আঞ্চলিক কবি সন্মিলন আৰু কামপুৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলৰ পৰিৱেশনেৰে মঞ্চ মুকলি কৰা হয়। বিশিষ্ট কবি গুণ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, আমন্ত্ৰিত অতিথি ৰূপে ক্ৰমে নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, উপ সভাপতি কৰবী লিগিৰা, অশোক ৰাম ভট্ৰাচাৰ্য, মুখপত্ৰ “নতুন কবিতা’ৰ সম্পাদক মদাৰ জ্যোতি, নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মা, সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰীকে ধৰি কেইবা গৰাকী বিশিষ্ট কবি।

মুকলি সভাতেই দীৰ্ঘদিন ধৰি কাব্য চৰ্চা কৰি থকা পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰাক কামপুৰ আঞ্চলিক কবি সন্মিলনে “কাব্যযোগী বটাঁ” প্ৰদান কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জিলাখনৰ শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে।

অধিৱেশনৰ প্ৰতিনিধি সভাতেই সভাপতি গুণ কাকতি আৰু সম্পাদক প্ৰদ্যুম্ন বৰাক লৈ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ নতুন সমিতিখন গঠন কৰা হয়। প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক হিচাপে নগাঁও জিলা সমিতিৰ হৈ উপস্থিত থাকে কবিতা বৰা, হাচিনা মমতাজ আৰু কৰবী শইকীয়া। মুকলি সভাৰ শেষত কাব্যমন্ত্ৰৰে অধিৱেশনৰ সামৰণি পৰে।
