নগাঁৱৰ কঠীয়াতলীত জিলা কবি সন্মিলনৰ “কাব্যধ্বনি” অনুষ্ঠান সম্পন্ন

81

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ ধাৰাবাহিক কাব্যানুষ্ঠান “কাব্যধ্বনি” অনুষ্ঠানটি দেওবাৰে কঠীয়াতলী শাখা কবি সন্মিলনৰ সহযোগত কঠীয়াতলীৰ বিশিষ্ট সাহিত্যিক ঘন বৰাৰ বাসগৃহত অনুষ্ঠিত হৈ যায়।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত “কাব্যধ্বনি” অনুষ্ঠানটি পৰ্যালোচনা কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে। কণমানি কল্পি ডেকাৰজাৰ এটি বিহু নৃত্য প্ৰদৰ্শনৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকি নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী, জিলা কবি সন্মিলনৰ উপ-সভাপতি ক্ৰমে কৰৱী লিগিৰা, অশোকৰাম ভট্ৰাচাৰ্য, সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, সদৰ শাখাৰ সম্পাদক কবিতা বৰা, উপ-সভাপতি দিগন্ত ভাগৱতী, নীলাক্ষী কলিতা, জ্যোতিকা ডেকাৰজাকে ধৰি ত্ৰিশ গৰাকী কবিয়ে কবিতা পাঠ কৰে।

অনুষ্ঠানত কবি দিগন্ত ভাগৱতীয়ে কবিতাৰ লগতে গীত পৰিৱেশন কৰি উপস্থিত কবি সকলক মন্ত্ৰমুগ্ধ কৰি তোলাৰ লগতে ভাস্কৰ বড়োৱে সুন্দৰ কবিতা আবৃত্তি কৰি অনুষ্ঠানটো সোণত সুৱগা কৰি তোলে। উল্লেখ্য যে বিশিষ্ট সাহিত্যিক ঘনকান্ত বৰাৰ পৰিয়ালৰ ফালৰ পৰা প্ৰতিগৰাকী কবিক একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়। “কাব্যধ্বনি” অনুষ্ঠানত অংশগ্ৰহণ কৰা নগাঁও জিলাৰ প্ৰতিটো শাখাৰ কবি সকলক কৃতজ্ঞতা জ্ঞাপন কৰে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে।