নগাঁও জিলাৰ কঠিয়াতলীৰ এঘাৰমাইলত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এজন লোকে। জানিব পৰা মতে, এঘাৰমাইলৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী পিক-আপ ভেনে এজন পথচাৰীক মহতিয়াই লৈ যায়। যাৰ ফলত জাকিৰ হুছেইন নামৰ পথচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত আৰক্ষী আৰু স্থানীয় ৰাইজে লোকজনক স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে মৃত্যু ঘটে লোকজনৰ।
আৰক্ষীয়ে সদৰী কৰা মতে, পথ পাৰ হ’বলৈ জাকিৰ হুছেইন ডিভাইডাৰৰ কাষত ৰৈ থকাৰ সময়তে এএছ০১ এলচি৪২৬৬ নম্বৰৰ পিক আপ ভেনখনে মহতিয়াই লৈ যায়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ চালকজনে পলায়নৰ চেষ্টা চলাইছিল যদিও স্থানীয় ৰাইজে চালকজনক আটক কৰি পিছত আৰক্ষীক গতাই দিয়ে।
