শুকুৰবাৰে নগাঁৱৰ কঠিয়াতলীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কচুৱা দিশৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ট্ৰেভেলাৰত অভিযান চলাই ১ কেজি ৩০০ গ্ৰাম গাঞ্জা জব্দ কৰে।
ইফালে এই গাঞ্জা সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মন্নছ আলী আৰু হৰজত আলী নামৰ দুজনক আটক কৰে৷ আটকাধীন দুয়োজনৰ ঘৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিপাৰত বুলি জানিব পৰা গৈছে।
