নগাঁৱৰ কচুৱা তিনিআলিত কেইবাখনো বিবাহ অনুষ্ঠানৰ পিছতে কোৰোনাত আক্ৰান্ত ১২ জনকৈ লোক

70

নগাঁও জিলাৰ কচুৱা তিনিআলিত সৃষ্টি হৈছে কোৰোনাৰ বিভিষীকা। সোমবাৰে অঞ্চলটোত কেইবাখনো বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ পিছতে এতিয়া ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা। অঞ্চলটোৰ গেৰজাইপাম গাঁৱৰ তিনিটা চুবুৰী ক্ৰমে নাথবস্তি, কালিবাৰী আৰু শ্মশানপট্ৰীত ইতিমধ্যে ১২ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।

কোৰোনাত আক্ৰান্ত লোক কেইজনক ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে যদিও অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। বিবাহ অনুষ্ঠানৰ জৰিয়তে কোৰোনাৰ গণ সংক্ৰমণ ঘটাৰ আশংকা ব্যক্ত কৰিছে অঞ্চলবাসীয়ে।