নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি

114

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি।গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী ।
অঞ্চলটোত অব্যাহত আছে গৰু চোৰৰ উৎপাত । প্ৰতি নিশাই চোৰে কোনোবা নহয় কোনোবা গাওঁৰ গোহালিত চলাই চাফাই অভিযান । নিশা ৫ নং কাঠপাৰৰ এঘৰৰ এজনী গাইগৰু চুৰ কৰি এখন বিস্কুট কঢ়িওৱা গাড়ীত তুলি লৈ যাব ধৰা অৱস্থাত দুই গৰু চোৰক ৰাইজে হাতে লোতে ধৰি আমবাগান আৰক্ষীক চমজাই দিয়ে । ধৃত চোৰ দুটা ইছমাইল হুছেইন আৰু ৰিয়াজুল আলম বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ নম্বৰ AS 01 RC 4651,গৰুচোৰ ধৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজ আমবাগান আৰক্ষী চকীত উপস্থিত হয় আৰু আটক কৰা চোৰ দুটাক ৰাইজক চমজাই দিবলৈ দাবী জনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অতিৰিক্ত আৰক্ষী সহ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।