নগাঁৱত ৭৩সংখ্যক গণৰাজ্য দিৱস উদযাপন, পতাকা উত্তোলন কৰিলে বিত্ত মন্ত্ৰীয়ে

84

ঋতু পৰ্ণ শৰ্মা, নগাঁও: সমগ্ৰ দেশৰ লগতে নগাঁও চহৰতো বুধবাৰে ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা নুৰুল আমিন ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

ভাষণ প্ৰসংগত মন্ত্ৰী নেওগে কয় যে আগন্তুক বৰ্ষ ৰাজ্যৰ বাবে আশাৰ বৰ্ষ। নতুন বাজেটে অসমৰ বাবে নতুন আশাৰ বতৰা লৈ আহিব।

পতাকা উত্তোলনৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাস চন্দ্ৰ বসু, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰা, হলধৰ ভূঞা, মহেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত বৰুৱা, পূৰ্ণ চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে।

পতাকা উত্তোলনৰ পাছতে মন্ত্ৰী অজন্তা নেওগে আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ কুচকাৱাজৰ লগতে অভিবাদন গ্ৰহণ কৰে। ক’ভিদ নীতি-নিৰ্দেশনাৰ মাজত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত নিৰ্সগ হিবৰে গৌতম, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আদি উপস্থিত থাকে।