অসম আৰক্ষীয়ে শুকুৰবাৰে নগাঁও জিলাত অভিযান চলাই সৰবৰাহৰ সময়ত ৪৫টা চোৰাং গৰু জব্দ কৰাৰ লগতে ৫ জন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।
অভিযানটোত দুখন ট্ৰাক আৰু আন দুখন বাহনও জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
দুয়োখন ট্ৰাকক গোপন সূত্ৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষী থানা এলেকাত বাধা দিয়া হৈছিল। ট্ৰাকৰ সৈতে মুঠ ৪৫ টা গৰু জব্দ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কোনো বৈঠ নথি-পত্ৰ অবিহনে গৰুসমূহ সৰবৰাহ কৰা হৈছিল।
তদুপৰি, ট্ৰাকৰ সৈতে যোৱা আন দুখন গাড়ীও জব্দ কৰা হৈছে, এজন আৰক্ষী বিষয়াই কয়।
তেওঁ লগতে কয়, “ট্ৰাকবোৰ ক’ৰ পৰা আহি আছে আৰু এইবোৰ ক’লৈ গৈ আছে জানিবলৈ আমি এটা তদন্ত আৰম্ভ কৰিছো।”