নগাঁৱত সমীৰ চৌধুৰীক অমূল্য মান্না আলোকচিত্ৰ শিল্পী বঁটা প্ৰদান

95

ঋতু পৰ্ণ শৰ্মা, নগাঁও: “অমূল্য মান্নাৰ দৰে প্ৰথিতযশা আলোকচিত্ৰ শিল্পীৰ নামত বঁটা প্ৰদান কৰাৰ বাবে মই গৌৰাৱান্বিত। অমূল্য মান্না কেৱল ফটো সাংবাদিকেই নাছিল তেওঁ এজন যশশ্বী চিত্ৰ পৰিচালকো আছিল ।

দৃশ্যমান কলা ফটোগ্ৰাফী এক শক্তিশালী গণ মাধ্যম।”–অমূল্য মান্না আলোকচিত্ৰ শিল্পী বঁটা গ্ৰহণ কৰি এইদৰে কয় সমীৰ চৌধুৰীয়ে । অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অফ অসমৰ উদ্যোগত বুধবাৰে আয়োজিত অনুষ্ঠানটিত সমীৰ চৌধুৰীক বঁটা প্ৰদান কৰে নগাঁও মহাবিদ্যালয় অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে ।

বঁটা প্ৰদান কৰি ড° বৰকটকীয়ে কয় যে অমূল্য মান্নাই ফটোগ্ৰাফীৰ সাধনা কৰিছিল আৰু সৃষ্টিশীল লেন্সৰে নিজে এক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল । নগাঁৱৰ অাগশাৰীৰ সাংস্কৃতিক গোষ্ঠী “কল্লোল”ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে অমূল্য মান্না আছিল নগাঁৱৰ আলোকচিত্ৰ শিল্প, ফটো সাংবাদিক,চলচ্চিত্ৰ পৰিচালনা আদি বিষয়ৰ বাটকটীয়া ।

তেওঁ দেখুৱাই যোৱা পথেৰে বাট বুলি বহুজন বৰ্তমান আলোকচিত্ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হৈছে । বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই আদৰণি ভাষণ আৰু অমূল্য মান্না স্মৃতিৰক্ষা সমিতিৰ সম্পাদক মুকুল বৰঠাকুৰে আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে । সভাত বিশিষ্ট সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞাঁ, কল্লোল গোষ্ঠীৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকা, ইউ ফটোজৰ স্বত্বাধিকাৰী উৎপল বৰুৱা আদি ব্যক্তিসকল উপস্থিত থাকে ।

উল্লেখ্য যে অমূল্য মান্না আলোকচিত্ৰ শিল্পী বঁটাটিত আছে সম্বৰ্ধনা পত্ৰৰ উপৰি এটি স্মাৰক নগদ ২০ হাজাৰ টকা আৰু গামোচা । স্মাৰকটি প্ৰস্তুত কৰিছে অশ্বিনী শৰ্মা আৰু গকুল চেত্ৰীয়ে ।